ৱাশ্বিংটনঃ একালৰ পৰম মিত্ৰ, এতিয়াৰ স্পষ্টবাদী সমালোচক! আকৌ এবাৰ মুখামুখি হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ধনকুবেৰ ইলন মাস্ক। কৰ কৰ্তন আৰু চৰকাৰী ব্যয় কৰ্তন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ “বিগ, বিউটিফুল বিল”ক লৈ পুনৰ ৰাজহুৱাভাৱে ক্ষোভ প্ৰকাশ কৰিছে ইলন মাস্কে। বিধেয়কখনক “ঘৃণনীয়” বুলি অভিহিত কৰি মাস্কে নতুন ৰাজনৈতিক দল গঠনৰ দাবী তীব্ৰতৰ কৰি তুলিছে। ৯৪০ পৃষ্ঠাৰ প্ৰস্তাৱিত বিধেয়কখনত স্বাস্থ্যসেৱা আৰু খাদ্য কাৰ্যসূচীত বৃহৎ কৰ্তন আৰু ধনীসকলৰ বাবে কৰ ৰেহাইৰ কথা উল্লেখ কৰা হৈছে, যিয়ে ইতিমধ্যে ডেম’ক্ৰেট আৰু একাংশ ৰিপাব্লিকানৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। জুন মাহৰ আৰম্ভণিতে মাস্কে এই বিধেয়কখনক “ডিজগাষ্টিং এব’মিনেচন” বুলি অভিহিত কৰিছিল, যাৰ ফলত ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল।
কিন্তু কিছুদিনৰ ভিতৰতে দুয়োৰে মাজত উত্তেজনা কিছু লাঘৱ হয়। ট্ৰাম্পে তেওঁৰ মংগল কামনা কৰিছিল আৰু মাস্কে এক্সতো লিখিছিল যে তেওঁ “অভাৰচেইড” কৰিছে আৰু অনুশোচনা কৰিছে। কিন্তু সোমবাৰে যেতিয়া ছিনেটে বিধেয়কখনৰ সংশোধনীৰ ওপৰত ভোটদান কৰে তেতিয়া মাস্কে আন এক আপত্তিজনক মন্তব্য কৰে। তেওঁ লিখিছে যে যিসকলে এই বিধেয়কখনৰ সপক্ষে ভোট দিছে, যদিও তেওঁলোকে নিজৰ খৰচ কৰ্তনৰ বাবে প্ৰচাৰ চলাইছে, দৰাচলতে তেওঁলোকে লাজ পাব লাগে।
মাস্কে কয় যে যদি এইটোৱেই মোৰ জীৱনৰ শেষ কাম, তেন্তে মই নিশ্চিত কৰিম যে অহা বছৰ যাতে তেওঁলোক প্ৰাইমাৰীত পৰাস্ত হয়। একে সময়তে তেওঁ আমেৰিকাত এটা নতুন ৰাজনৈতিক দল গঠনৰ আহ্বান জনাই কয়, “আমি এতিয়া একদলীয় দেশত বাস কৰোঁ— পৰ্কি পিগ পাৰ্টি! এটা নতুন ৰাজনৈতিক দলৰ সময় আহি পৰিছে যিয়ে সঁচাকৈয়ে জনসাধাৰণৰ বাবে কাম কৰিব।” এই উত্তপ্ত আদান-প্ৰদানৰ পিছতে ট্ৰাম্পেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি ট্ৰাম্পে কয়, “ইলন মাস্ক সম্ভৱতঃ ইতিহাসৰ আটাইতকৈ ৰাজসাহায্যপ্ৰাপ্ত ব্যক্তি। যদিহে ৰাজসাহায্য বন্ধ কৰা হয় তেন্তে তেওঁ নিজৰ দেশ দক্ষিণ আফ্ৰিকালৈ উভতি যাব লাগিব। ৰকেট উৎক্ষেপণ, উপগ্ৰহ বা ইলেক্ট্ৰিক গাড়ী নহ’লহেঁতেন আৰু ইয়াৰ ফলত আমেৰিকাৰ বহু ধন ৰাহি হ’ব।”
ইয়াৰ উত্তৰত মাস্কে এক্সত লিখিলে, “মই আপোনাক কৈছোঁ, সকলো কৰ্তন কৰক। এতিয়াই।” ইফালে বিধেয়কখনৰ সম্ভাব্য প্ৰভাৱ আৰু ৰাজনৈতিক পৰিণতিৰ বিষয়েও ৰিপাব্লিকান পাৰ্টিৰ ভিতৰত উদ্বেগ প্ৰকাশ পাইছে। দলটোৰ একাংশই আশংকা কৰিছে যে মাস্কৰ সৈতে চলি থকা সংঘাতে ২০২৬ চনৰ মধ্যকালীন কংগ্ৰেছ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা বজাই ৰখাৰ সম্ভাৱনাৰ ক্ষতি কৰিব পাৰে। বিধেয়কখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ উপৰি মাস্কে এতিয়া আমেৰিকাত নতুন ৰাজনৈতিক শক্তি গঢ়ি তোলাৰ ইংগিত দিছে। কিন্তু জৰ্জ মেছন বিশ্ববিদ্যালয়ৰ ৰাজহুৱা নীতিৰ অধ্যাপক বিল স্নাইডাৰে মন্তব্য কৰে যে কেৱল কোটিপতিৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকাত ৰাজনৈতিক দল গঠন কৰাটো সম্ভৱ নহয়।
মাস্কৰ সমালোচনাৰ মূলতে আছে বিধেয়কখনৰ বিশাল খৰচ আৰু ৰাষ্ট্ৰীয় ঋণৰ বোজা, যিয়ে এফালে ৰিপাব্লিকান আৰু আনফালে ডেম’ক্ৰেটসকলক সামাজিক সুৰক্ষা ব্যৱস্থাৰ ভৱিষ্যতক লৈ চিন্তিত কৰি তুলিছে। কংগ্ৰেছত বিধেয়কখন গৃহীত হোৱাৰ ক্ষেত্ৰত মাস্কৰ মন্তব্য আৰু পদক্ষেপে কিমান প্ৰভাৱ পেলাব সেয়া বৰ্তমান স্পষ্ট নহয়। কিন্তু মাস্ক আৰু ট্ৰাম্পৰ এই সংঘাতে আমেৰিকাৰ ৰাজনীতিত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে।