বকলীয়াঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ হালধিআটী গাঁৱৰ হৰিকান্ত কোচৰ পুত্ৰ দ্বীপজ্যোতি কোচে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে যোৱা মঙলবাৰে পুৱাৰ ভাগত পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই নিজ ঘৰৰপৰা কিছু নিলগত এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত দ্বীপজ্যোতিক প্ৰত্যক্ষ কৰে।
অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত যুৱকজনে নতুনকৈ সাংবাদিকতাৰ জগতখনতো খোজ থৈছিল। নিউজ নেক্সট ৱানৰ কাৰ্যালয়লৈ আহি বায়’ডাটা দাখিল কৰা যুৱকজনে কাৰ্বি আংলং জিলাৰপৰা সংবাদ পৰিৱেশন কৰাৰ আগ্ৰহ প্ৰকাশ কৰি দুই-চাৰিটা বাতৰি প্ৰেৰণো কৰিছিল।