মাজুলীঃ মাজুলীৰ সুৰক্ষাৰত ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ চৰম অৱহেলাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মাজুলী জিলা সমিতিয়ে। সংগঠনটোৰ সভাপতি জগত হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পবিত্ৰ বৰাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰিছে।
সংগঠনটোৰ অভিযোগ অনুসৰি মাজুলীৰ স্থায়ী সুৰক্ষাৰ বাবে ২০১৮ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে ২৩৮ কোটী টকা আৱণ্টন দিছিল। কিন্তু এই বৃহৎ পৰিমাণৰ পুঁজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে ২৭ কিঃমিঃ বেংক ৰিবেণ্টমেণ্ট আৰু ৪১ খন আৰ চি চি পাৰ্কিউপাইন নিৰ্মাণৰ কাৰণে ১৭৮ কোটি টকা নিবিদা আহ্বান কৰি টি কে ইঞ্জিনিয়াৰিং কন্চৰটিয়াম নামৰ অৰুণাচলৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক নীতিগতভাৱে কাম কৰাৰ আদেশ প্ৰদান কৰি ১০ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে কাম আৰম্ভ কৰি ১৯ মে, ২০১৯ তাৰিখৰ ভিতৰত সম্পুৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।