নগাঁওঃ গুৰু-শিষ্যৰ সম্পৰ্কত এইবাৰ কালিমা সানিলে এগৰাকী শিক্ষকে। নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে শিক্ষকৰ এই নিৰ্লজ্জ কাণ্ড ৷ এইদৰে পবিত্ৰ শিক্ষকতাৰ বৃত্তিক কলংকিত কৰা শিক্ষক জেহিৰুল ইছলাম ফৰহানী আটী জাতীয় বিদ্যালয়ত কৰ্মৰত আছিল।
জানিব পৰা মতে, এটি সন্তানৰ পিতৃ জেহিৰুল ইছলামৰ পত্নী আৰু সন্তান থকাৰ পিছতো টিউচন কৰা দশম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ছাত্ৰীৰ লগত গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক । ইমানেই নহয়, নাবালিকা ছাত্ৰী গৰাকীক শিক্ষক জেহিৰুলে প্ৰেমৰ জালত পেলাই পলুৱাই নি নিকাহ কাৰ্য সম্পন্ন কৰে।