নলবাৰীঃ নলবাৰী সমষ্টিৰ প্ৰাক্তণ বিধায়ক তদানিন্তন গড়কাপ্তানি মন্ত্ৰী নগেন শৰ্মাৰ উনবিংশতিতম মৃত্যু দিৱস বুধবাৰে বাহজানীৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰাহয়।
ৰাতিপুৱা বন্তি প্ৰজ্বলন, আবক্ষ মূৰ্তীত মাল্যাৰ্পনৰ পিছতে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত শৰ্মাৰ সহধৰ্মিনী অবসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ অলকা শৰ্মা ,অধ্যক্ষ থানেশ্বৰ শৰ্মা,ডঃ বীৰেণ চক্ৰৱৰ্তী,শিক্ষাবিদ ৰাধানাথ কলিতাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।