মাৰ্ঘেৰিটাঃ গণৰাজ্য দিৱসৰ পূৰ্বে অৰ্থাৎ যোৱা ২৪ জানুৱাৰীৰ পুৱা অৰুণাচলত সেনাক গ্ৰেনেডেৰ আক্ৰমণ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাগত আছে৷ গ্ৰেনেড আক্ৰমণত এগৰাকী সেনা জোৱানৰ মৃত্যু হৈছিল৷ সেনা জোৱানজন ৰাজস্থানৰ বিকানাৰ জিলাৰ ডিৰাকছাৰৰ বুলি জানিব পৰা গৈছিল৷
নংথাও আৰু খামটিৰ মাজত মঙলবাৰে আলফা আৰু এনএচচিএনে সেনাক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ঘটনাত সেনা জোৱানৰ মৃত্যু হোৱাৰ খবৰ বহু পলমকৈ আহিছিল যদিও সেনাই তীব্ৰ অভিযান অব্যাহক ৰাখিছে আলফা আৰু এনএচচিএনৰ বিৰুদ্ধে৷ বিদ্ৰোহী সংগঠন আলফাই (স্বাধীন) তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত সংঘটিত কৰা ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত গজেন খেক নামৰ লোক এগৰাকীক আটক কৰে৷