71
জম্মুঃ দুয়ো দেশৰ DGMOৰ দ্বিপাক্ষিক আলোচনাৰ মাজতে পুনৰ এবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাক সেনাই। সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰি ছেক্টৰৰ সীমান্তৱৰ্তী গাঁৱৰ লগতে ভাৰতীয় সেনালৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰাৰ লগতে পাক সেনাই মেছিনগানেৰে গুলী চালনা কৰে।
এই ঘটনাত মুদ্দাছৰ আহমেদ নামৰ এজন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ লগতে এটি ৯ বছৰীয়া কণমাণি ছোৱালী নিহত হয়।