জম্মুঃ দুয়ো দেশৰ DGMOৰ দ্বিপাক্ষিক আলোচনাৰ মাজতে পুনৰ এবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাক সেনাই। সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰি ছেক্টৰৰ সীমান্তৱৰ্তী গাঁৱৰ লগতে ভাৰতীয় সেনালৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰাৰ লগতে পাক সেনাই মেছিনগানেৰে গুলী চালনা কৰে।

এই ঘটনাত মুদ্দাছৰ আহমেদ নামৰ এজন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ লগতে এটি ৯ বছৰীয়া কণমাণি ছোৱালী নিহত হয়।

যোৱা সপ্তাহতে পাক সেনাৰ তৰফৰ পৰা দ্বিপাক্ষিক আলোচনাৰ প্ৰস্তাৱ দিয়া হৈছিল। উক্ত প্ৰস্তাৱত ভাৰতে সন্মতি জনায়। এই অনুযায়ী অনুষ্ঠিত হয় আলোচনা।

কিন্তু আলোচনাৰ কিছু সময় পিছতে যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে। পাকিস্তানে এই সন্দৰ্ভত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ কয় যে ভাৰতীয় সেনাই প্ৰথমে গুলী চলোৱা বাবেহে তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়।

যোৱা সপ্তাহতো পাক-অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত ৪ পাক সেনা নিহত হোৱাৰ বাবে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলিও পাক সেনাৰ এজন শীৰ্ষ বিষয়াই স্থানীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

পাক সেনাৰ এনে মিথ্যাচাৰক গৰিহণা দি লগে লগে ভাৰতে স্পষ্ট কৰি দিয়ে যে প্ৰতিবাৰেই পাকিস্তানেই যুদ্ধবিৰতি উলংঘা কৰি আহিছে।

পাক সেনাই ভাৰতত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি আহিছে বুলিও ভাৰতৰ তৰফৰ পৰা জনোৱা হয়। এনেক্ষেত্ৰত ভাৰতীয় সেনা যোগ্য প্ৰত্যুত্তৰ দিবলৈ বাধ্য বুলি উল্লেখ কৰি পাকিস্তানক আলোচনা অনুযায়ী যুদ্ধ বিৰতি ভংগ নকৰিবলৈ সকীয়াই দিয়ে।