তিনিচুকীয়াঃ ৰাজ্য চৰকাৰে অমানবীয় ভাবে উচ্চতম ন্যায়ালয়ৰ দোহাই দি আমচাং অভয়াৰণ্যৰ ভিতৰৰ লোকক উচ্ছেদ কৰাৰ পিছৰে পৰা ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে আমচাংৰ ৭০০ গৰাকী উচ্ছেদিত পৰিয়ালক বিটিএডিত সংস্থাপন কৰাৰ কথা ঘোষণা কৰে৷
উচ্ছেদিত লোকসকলৰ মৰ্মবেদনা প্ৰত্যক্ষ কৰি বিবিন্ন জনে সহায় সহযোগ কৰিবলৈ আগুৱাই অহা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে উজনিৰ অসমৰ এগৰাকী ব্যৱসায়ীয়ে টিভিত উচ্ছেদৰ দৃশ্যবোৰ প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰে৷ তিনিচুকীয়াৰ জিলাৰ ব্যৱসায়ী তথা জনপ্ৰিয় B-52 হোটেলৰ গৰাকী উদয় শইকীয়াই উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ বাবে ১০ বিঘা ব্যক্তিগত ভূমি দান কৰাৰ কথা ঘোষণা কৰে৷ তিনিচুকীয়াৰ ব্যৱসায়ীগৰাকীয়ে তেওৰ নিজৰ ফেচবুক টাইমলাইনত এই কথা এটি পোষ্ট দি ঘোষণা কৰে৷