76
ডিজিটেল ডেস্কঃ ১০ টকাৰ মুদ্ৰাক লৈ দেশৰ ভিন্ন প্ৰান্তত চলা অপপ্ৰচাৰক মিছা প্ৰমাণিত কৰি বুধবাৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই স্থিতি স্পষ্ট কৰে। বজাৰত চলা ১০ টকাৰ সকলো মুদ্ৰাই আচল আৰু লেনদেনৰ ক্ষেত্ৰত আইন মতো বৈধ বুলি স্পষ্ট কৰে ৰিজাৰ্ভ বেংকে।
উল্লেখ্য যে, ১০ টকাৰ মুদ্ৰাক লৈ বজাৰত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ বিয় থকাত স্পষ্ট কৰিব লগা হয়৷ ১০ টকাৰ মুদ্ৰা লবলৈ বহু ক্ৰেতা-বিক্ৰেতাই নিবিচৰা খবৰ প্ৰচাৰ হৈ আহিছে৷