আমগুৰিঃ ৰাজ্য চৰকাৰে গাঁৱে-ভূঞে মদৰ দোকান দিয়াৰ অনুমতি প্ৰদান কৰাৰ সময়তে ছাত্ৰ সংগঠনৰ মদৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মদৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এশ ঘন্টীয়া ধৰ্মঘট কাৰ্যসুচীয়ে ৪০ ঘন্টা অতিক্ৰম কৰিলে৷ টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে শিৱসগাৰ জিলাৰ আমগুৰিত মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ দাবীত ধৰ্মঘট অব্যাহত ৰাখিছে৷

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ আমগুৰিৰ হালোৱাটিং অবৈধ মাদকদ্ৰব্য সৰবৰাহৰ মূল ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দৈনিক ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰা হয় অবৈধ অৰুণাচলী সুৰা, গুটখা, ড্ৰাগছকে আদি কৰি বিভিন্ন মাদক দ্ৰব্য৷ আৰক্ষীৰ সন্মুখতে বৃহৎ সমাজবিৰোধী চক্ৰই মাদক দ্ৰব্যৰ ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন হয়৷ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজেৰে হালোৱাটিং হৈ নাগালেণ্ডলৈ যোৱা ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো মাদকদ্ৰব্য সৰবৰাহৰ কৰিড'ৰ হিচাপে চিহ্নিত হৈ পৰিছে৷

কেইবাজনো কুখ্যাত সুৰা ব্যৱসায়ীয়ে এই পথৰেই সহজেই অবৈধ অৰুণাচলী সুৰা-ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উত্থাপন হয়৷ পূৰ্বে আৰক্ষীয়ে অৰুণাচলী সুৰা ভৰ্তি গাড়ী জব্দ কৰিছিল যদিও নিশাৰ ভিতৰতে আৰক্ষীৰ পৰা নোহোৱা হয় গাড়ীসমূহ৷ একাংশ জাতীয় সংগঠনে এই অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সংগঠনকেইটাই আৰক্ষী আৰু জিলা প্ৰশাসনৰ একাংশ বিষয়াই কমিছনৰ বাবদ এনে অবৈধ ব্যৱসায়সমূহ কৰাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে৷

আমগুৰিৰ পৰা হালোৱাটিঙৰ যুৱ প্ৰজন্ম এই বৰবিহৰ কবলত পৰিছে৷ দৈনিক  পথটোৰে গৰু, মহ, গাহৰি আদিও অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহ হয় পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কেইবাটাও দল সংগঠনে ধৰ্মঘটৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিকৰ উদ্যোগত চাহ জনজাতি ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও সংগঠনে আৰম্ভ কৰা এশ ঘণ্টীয়া অনশনৰ কাৰ্যসূচীয়ে দ্বিতীয় দিনত ভৰি দিছে৷