লালুকঃ টাই আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ১০০০ কোটি টকাৰ বান সাহায্য দাবী কৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা৷ আজি সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ এই দাবী জনায়৷ আজি সংগঠনটোৰ গহপুৰ মহকুমা সমিতি আৰু লখিমপুৰ জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে।
সংগঠনটোৰ নেতা-কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি বান সাহায্য নিদিয়াত প্ৰতিবাদ সাব্যস্ত কৰে৷ গুজৰাটৰ বান হোৱাৰ লগে লগে ভ্ৰমণলৈ গৈ প্ৰধান মন্ত্ৰী জৰুৰীকালীন পুঁজিৰ পৰা লাখে লাখে টকা সাহায্য পুঁজি মোকলাই দিয়াৰ সময়তে অসমৰ বানাক্ৰান্তৰ কথা নাভবা বুলি তীব্ৰ বিৰোধিতা কৰে টাইপাই৷