ওদালগুৰিঃ বিটিএডিত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে বিটিএডিৰ ৪ খন জিলা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিটিচিৰ বিৰোধি দল UPPL-এ৷ কেগৰ প্ৰতিবেদনত বিটিচিত ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতেই বিটিচিৰ শাসক দল বিপিএফৰ বিৰুদ্ধে প্ৰতিবাদমূখৰ হৈ পৰে UPPL-এ৷ ইউ পি পি এল দলে এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি শুকুৰবাৰে বিটিএডিৰ বিভিন্ন প্ৰান্তত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰপায়ণ কৰে।
বিটিচিৰ বিভাগে বিভাগে চলিছে ব্যাপক অনিয়ম-লুণ্ঠন৷ বিটিচিৰ বিভিন্ন বিভাগসমূহত চলিছে ব্যাপক অনিয়ম তথা লুণ্ঠন। কেগৰ প্ৰতিবেদনত প্ৰকাশিত ১৮০কোটি টকাৰ অনিয়মৰ তদন্ত আজি পৰ্যন্ত হোৱা নাই। শাসনাধীস্থ চৰকাৰখনৰ সৈতে মিত্ৰতা থকাৰ বাবে এই অনিয়মসমূহৰ তদন্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে UPPL-এ। ইউনাইটেড পিপলচ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপি(এল)ৰ নেতৃত্বই এনে অভিযোগ উত্থাপন কৰি ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।