Home ৰাজ্যলাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্ত আৰম্ভ, এবিএমছুৰ ১১ সদস্যক জামিনত মুকলি

লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্ত আৰম্ভ, এবিএমছুৰ ১১ সদস্যক জামিনত মুকলি

by News Desk
58 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছালাকাটিত যোৱা ২৬ অক্টোবৰত এবিএমছুৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ সময়ত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে হোৱা সংঘাতৰ পিছত আৰক্ষীয়ে আটক কৰা এবিএমছুৰ ১১ গৰাকীকৈ সদস্যই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে। উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত অৱৰোধথলীৰ পৰা আৰক্ষীয়ে প্ৰথম অৱস্থাত এবিএমছুৰ ৪৪গৰাকীকৈ কৰ্মী-সদস্যক আটক কৰি কোকৰাঝাৰ সদৰ থানাত আৱদ্ধ কৰি ৰাখিছিল যদিও ইয়াৰে ৩৩গৰাকী সদস্যক সিদিনা নিশাই মোকলাই দিছিল৷

আবেদ আলি (৩৪), সাইজুদ্দিন আলি(২৫), জহিৰুল ইছলাম (২৮), মোহৰ আলি(২৭), আব্দুল মোতালেৱ (২১), ছামিদুল মণ্ডল (২১), সাহজাহান আলি(৩৫), ৰফিকুল হক (২৬), ৰহিম পৰামানিক (৩০), ৰুস্তম আলি (৩৪) আৰু মেহেৰ আলি(২১) সহ ১১গৰাকীকৈ এবিএমছুৰ সদস্যৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা গোচৰ নং ৬৫৯/১৭ মৰ্মে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কোকৰাঝাৰ জিলা কাৰাগাৰত আৱদ্ধ হৈ থকা এবিএমছুৰ ১১গৰাকী সদস্যই বৃহস্পতিবাৰে জাামিনত মুকলি হোৱাত এবিএমছুৰ সদস্যৰ মাজত আনন্দৰ বন্যা বৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0