Home দেশইশ্বৰক সাক্ষাৎ কৰিবলৈ গণ আত্মহত্যা কৰিছিল দিল্লীৰ পৰিয়ালটোৱে, তন্ত্ৰ-মন্ত্ৰৰে বিচাৰিছিল শান্তি-মুক্তি

ইশ্বৰক সাক্ষাৎ কৰিবলৈ গণ আত্মহত্যা কৰিছিল দিল্লীৰ পৰিয়ালটোৱে, তন্ত্ৰ-মন্ত্ৰৰে বিচাৰিছিল শান্তি-মুক্তি

by News Desk
67 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দিল্লীৰ বুৰাৰীৰ সন্ত নগৰত ২ নং কলনিত একেটা পৰিয়ালৰে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ ৰহস্য লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা কেইবাটাও নোটত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অতি ধাৰ্মীক হোৱাৰ ফলতেই একেটা পৰিয়ালৰ ১১গৰাকী লোকে গণ আত্মহত্যা কৰিছিল বুলি ওলাই পৰিছে৷ তন্ত্ৰ-মন্ত্ৰক বিশ্বাস কৰি মুক্তি লাভৰ বাবে নিজৰ জীৱন বিসৰ্জন দিয়ে ১১গৰাকী লোকে৷ নোটত উল্লেখ থকা মতে কোনো ১১গৰাকী লোকে এই নীতি পালন কৰিলে সকলো সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে জীৱনৰ পৰা মুক্তি লাভ কৰিব৷ 

আৰক্ষীৰ মতে, কেইবাটাও নোটত দিন বাৰ উল্লেখ আছে আৰু কিছু নোট কেতিয়া লিখিছিল দিন বাৰ উল্লেখ নাই৷ নোট সমূহত শান্তি আৰু মুক্তিৰ কথা উল্লেখ কৰে৷ আত্মহত্যা কৰাৰ পৰিকল্পনা মতে, হাত, ভৰি, মুখ কেনেদৰে বন্ধা থাকিব সেই কথাও উল্লেখ আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে৷ পৰিয়ালটোৱে প্ৰায়ে তন্ত্ৰ মন্ত্ৰও কৰি আহিছিল৷ কোনো তান্ত্ৰিকৰ কৱলত পৰি এনে পন্থা লোৱা বুলি অনুমান কৰে আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0