newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দিল্লীৰ বুৰাৰীৰ সন্ত নগৰত ২ নং কলনিত একেটা পৰিয়ালৰে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ ৰহস্য লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা কেইবাটাও নোটত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অতি ধাৰ্মীক হোৱাৰ ফলতেই একেটা পৰিয়ালৰ ১১গৰাকী লোকে গণ আত্মহত্যা কৰিছিল বুলি ওলাই পৰিছে৷ তন্ত্ৰ-মন্ত্ৰক বিশ্বাস কৰি মুক্তি লাভৰ বাবে নিজৰ জীৱন বিসৰ্জন দিয়ে ১১গৰাকী লোকে৷ নোটত উল্লেখ থকা মতে কোনো ১১গৰাকী লোকে এই নীতি পালন কৰিলে সকলো সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে জীৱনৰ পৰা মুক্তি লাভ কৰিব৷ 

আৰক্ষীৰ মতে, কেইবাটাও নোটত দিন বাৰ উল্লেখ আছে আৰু কিছু নোট কেতিয়া লিখিছিল দিন বাৰ উল্লেখ নাই৷ নোট সমূহত শান্তি আৰু মুক্তিৰ কথা উল্লেখ কৰে৷ আত্মহত্যা কৰাৰ পৰিকল্পনা মতে, হাত, ভৰি, মুখ কেনেদৰে বন্ধা থাকিব সেই কথাও উল্লেখ আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে৷ পৰিয়ালটোৱে প্ৰায়ে তন্ত্ৰ মন্ত্ৰও কৰি আহিছিল৷ কোনো তান্ত্ৰিকৰ কৱলত পৰি এনে পন্থা লোৱা বুলি অনুমান কৰে আৰক্ষীয়ে৷

নোটসমূহৰ মতে, সকলোৰে চকু বন্ধা থাকিব কোনেও যাতে কাকো প্ৰত্যক্ষ নকৰে৷ কম পোহৰৰ বাল্ব ব্যৱহাৰ কৰা, একান্ত মনে চিন্তা কৰিব লাগিব সেই সময়ত৷ মাজনিশা ১-২ বজাৰ ভিতৰত এই কাণ্ড সংঘটিত কৰিব লাগিব৷ ২৬ জুনত লিখা অন্তিম নোটত ৩০ জুনত ইশ্বৰৰ সৈতে সাক্ষাৎ কৰা হ’ব উল্লেখ কৰে৷ ইমানে নহয় হাত ভৰি মুখ চকু বান্ধি ৰাখিলে সোনকালে মুক্তি লাভ কৰিব বুলি উল্লেখ থাকে৷

এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ দুটি শিশু সহ সমীপৰ এঘৰৰ এগৰাকী বৃদ্ধ সহ একেটা পৰিয়ালৰ ১০গৰাকী লোকে আত্মহত্যা কৰে৷ ৭গৰাকী মহিলা আৰু ৪গৰাকী পুৰুষ সহ মুঠ ১১গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সকলোকেইটা মৃতদেহ চিপ লৈ ওলমি আছিল৷ দিল্লীৰ সন্ত নগৰত ২ নং কলনিত সংঘটিত হৈছে এই ঘটনা৷ উদ্ধাৰ হোৱা মৃতদেহ কেইটা একেটা পৰিয়ালৰ বুলি আৰক্ষীয়ে কয়৷ আটাইকেইজনৰে মুখত কাপোৰ বান্ধি থোৱা অৱস্থাত আছিল৷ পৰিয়ালটোৱে দোকানৰ আচবাব বিক্ৰী কৰা এখন ব্যৱসায় প্ৰতিষ্ঠান আছিল৷