নগাঁওঃ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক বৰ্হিঃৰাজ্যত সন্ধানহীন হোৱাৰ এঘাৰ দিন পাৰ হোৱাৰ পিছতো কোনো সম্ভেদ নোলোৱাত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, কাকমাৰী বৰবড়িৰ নিতুমনি ডেকা(২২) নামৰ নিবনুৱা যুৱকজন কৰ্মসংস্থাপনৰ বাবে একে অঞ্চলৰে আন তিনিজন যুৱকৰ সৈতে যোৱা ১৯ মে’ত পুৱা ৬ বজাত ৰে’লৰ জৰিয়তে গুৱাহাটীৰপৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰে৷ এনেদৰে যাত্ৰা কালতেই ২০ মে’ৰ নিশা প্ৰায় চাৰে দহ বজাত লগৰীয়া যুৱককেইজনৰ কাষৰপৰা প্ৰস্ৰাৱ কৰিবলৈ টয়লেটলৈ যোৱাৰ পিছৰে পৰাই চলন্ত ৰে’লতেই সন্ধানহীন হৈ পৰে নিতুমনি৷
পিছত নিতুমনিক বহু বিচাৰ-খুছাৰ কৰিও কোনো সম্ভেদ নোলোৱাত নিশা প্ৰায় চাৰে এঘাৰ মান বজাত লগত যোৱা যুৱককেইজনে নিতুমনিৰ ঘৰত ফোনৰ জৰিয়তে নিখুজ হোৱাৰ বিষয়ে অৱগত কৰাৰ বিপৰীতে পিছত চেন্নাই আৰক্ষীকো ঘটনাৰ সবিশেষ ব্যক্ত কৰে৷ উল্লেখ্য, উক্ত ৰে’লতে যাত্ৰা কৰা এজন লোকে নিতুমনি ৰে’লৰপৰা তললৈ পৰি যোৱা দেখা পোৱা বুলি লগৰীয়া যুৱককেইজনক জানিবলৈ দিয়ে যদিও কিদৰে পৰি গ’ল সেই সন্দৰ্ভত কিন্তু অজ্ঞাতাহে প্ৰকাশ কৰে৷