newsnextone.com | ডিজিটেল ডেস্কঃ কিছুদিন পিছতেই দেশৰ বিভিন্ন ঠাইত একোগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া হিচাপে নিযুক্তি লাভ কৰিব তেওঁলোকে৷ একো একোখন জিলা পৰ্যন্তৰ দায়িত্ব ন্যস্ত হ’ব তেওঁলোকৰ ওপৰত৷ কিন্তু চৰ্দাৰ বল্লৱভাই পেটেল নেচনেল পুলিচ একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে এওলোকে৷ এওলোক হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ চমুকৈ আইপিএছৰ উত্তীৰ্ণ হোৱা প্ৰাৰ্থী৷ ২০১৬ চনত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত বহি উত্তীৰ্ণ হোৱা নেচনেল পুলিচ একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে৷
জানিব পৰা মতে, হায়দৰাবাদৰ নেচনেল একাডেমীত আইপিএছ উত্তীৰ্ণ ১২২ গৰাকীয়ে প্ৰশিক্ষণৰ অন্তত পৰীক্ষাত বহে৷ ১২২ গৰাকীৰ ভিতৰত ১১৯ জনেই অনুত্তীৰ্ণ হয়৷ একাধিক বিষয়ত ফেইল কৰিছিল আইপিএছ উত্তীৰ্ণ প্ৰাৰ্থীসকলে৷