newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিহাৰত গছৰ পৰা আম পৰা বাবেই ১২ বছৰীয়া এটি কিশোৰক গুলিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

জানিব পৰা মতে, সুধান নামৰ এটি ১২ বছৰীয়া কিশোৰে বৃহস্পতিবাৰে সন্ধিয়া চহৰগড় গাঁৱৰ খেলপথাৰত সমনীয়াৰ সৈতে খেলি আছিল৷ আমৰ বতৰত ওচৰতে থকা এখন আমৰ বাগিচাত লমালমে লাগি থকা পকা আমবোৰ দেখি সি আৰু তাৰ সমনীয়া কেইজনমানে মনে মনে গৈ বাগিচাত প্ৰৱেশ কৰে৷

সমনীয়াৰ সৈতে গছৰ পৰা আম পাৰি থাকোতে সিহঁতক বাগিচাৰ মালিকে দেখা পায়৷ বাগিচাৰ মালিকক দেখি সুধান আৰু সমনীয়া কেইজনে আম এৰি পলায়ন কৰে যদিও বাগিচাৰ আম পাৰা বাবে খঙত অগ্নিশৰ্মা হৈ পৰা বাগিচাৰ মালিকজনে হাতত থকা পিষ্টলটোৰে গুলি চলায়৷

কিন্তু দুৰ্ভাগ্যবশতঃ গুলী আহি লাগে সুধানৰ গাত৷ ফলত ঠাইতে ঢলি পৰে ১২ বছৰীয়া কিশোৰটি৷ ঘটনা প্ৰত্যক্ষ কৰি সমনীয়াই গৈ গাঁওবাসীক খবৰ দিয়ে৷ গাঁওবাসীয়ে ততাতৈয়াকৈ কিশোৰজনক স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে কিশোৰজনক মৃত ঘোষণা কৰে৷

গোগৰী আৰক্ষী থানাৰ দায়িত্ববাহী বিষয়া দীপক কুমাৰে ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয় যে, অভিযুক্ত বাগিচাৰ মালিকজন এতিয়াও পলাতক হৈ আছে৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধান চলাই আছে৷ অভিযুক্তই এগৰাকী সম্পৰ্কীয় লোকৰ নামত অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে কিশোৰজনক গুলিয়াইছিল বুলি গোগৰী আৰক্ষী থানাৰ দায়িত্ববাহী বিষয়া দীপক কুমাৰে জানিবলৈ দিয়ে৷

ইফালে নিহত কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে৷ অতি সোনকালে অপৰাধীক আটক কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলিও তদন্তকাৰী আৰক্ষীয়ে আশ্বাস প্ৰদান কৰে৷