58
newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিহাৰত গছৰ পৰা আম পৰা বাবেই ১২ বছৰীয়া এটি কিশোৰক গুলিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, সুধান নামৰ এটি ১২ বছৰীয়া কিশোৰে বৃহস্পতিবাৰে সন্ধিয়া চহৰগড় গাঁৱৰ খেলপথাৰত সমনীয়াৰ সৈতে খেলি আছিল৷ আমৰ বতৰত ওচৰতে থকা এখন আমৰ বাগিচাত লমালমে লাগি থকা পকা আমবোৰ দেখি সি আৰু তাৰ সমনীয়া কেইজনমানে মনে মনে গৈ বাগিচাত প্ৰৱেশ কৰে৷