টাৱাংঃ সাগৰপৃষ্ঠৰ ১০ হাজাৰ ফুট উচ্চতাত থকা মনোমোহা টাৱাঙৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈ মৃত্যুক সাৱতি ল'বলগা হ'ল বিদেশী পৰ্যটকে। ধাৰাসাৰ তুষাৰপাত আৰু অক্সিজেনৰ অভাৱৰ বাবেই এজন পৰ্যটকৰ লগতে ২ জন স্থানীয় লোকৰ মৃত্যু হৈছে।

ইয়াৰ লগতে ১২৭ জন পৰ্যটক চেলা পাছৰপৰা সেনাৰ নৈশ অভিযানত উদ্ধাৰ কৰা হয়। দেওবাৰে সন্ধিয়া আন্ধাৰ নমাৰ সময়তে সেনাই উদ্ধাৰকাৰ্য আৰম্ভ কৰে। 

তেজপুৰৰ পৰা টাৱাঙ অভিমুখে গৈ থকা পৰ্যটকৰ দলটো দেওবাৰে আবেলি চেলা পাছত আবদ্ধ হৈ পৰে৷ মৃত পৰ্যটকগৰাকী বুলগেৰিয়াৰ মহিলা পৰ্যটক৷ উদ্ধাৰ হোৱা পৰ্যটকসকলৰ ভিতৰত কেইগৰাকীমান জাপান, নিউজীলেণ্ড আৰু বুলগেৰিয়াৰ৷ সন্ধিয়াৰ পৰা শেষ ৰাতিলৈ এই উদ্ধাৰ অভিযান চলে৷

চিকিৎসাৰ বাবে আহতসকলক সেনাৰ চাউনীলৈ প্ৰেৰণ কৰা হৈছে৷  মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্বৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ টাৱাঙত প্ৰচুৰ তুষাৰপাত আৰু ধুমুহাৰ বাবে দেওবাৰে ৰাতি এই দুৰ্ঘটনা সংঘটিত হয়।