56
ৰঙিয়াঃ দেশৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা বিভিন্ন বিভাগসমূহে বহু সময়ত লৈ আহিছে প্ৰশংসনীয় পদক্ষেপ ৷ দেশ সেৱাৰ লগতে কৰি আহিছে বিভিন্ন ধৰণৰ সমাজৰ কল্যাণকামী কৰ্ম ৷ পুনৰ তেনে এক কৰ্মৰ নিদৰ্শন দাঙি ধৰিলে ৰাজ্যৰ নলবাৰীস্থিত ১৩৬ বেটেলিয়ন চিআৰপিএফে৷
২০১৭-২০১৮ বৰ্ষৰ জনকল্যাণমূলক কাৰ্যসূচীৰ অধীনত আজি ৰঙিয়া কৃষক শ্বহীদ ৰাইজ মেল ভৱনত ৰঙিয়া মহকুমাৰ ৪০ খন বিদ্যালয়ক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰে ১৩৬ বেটেলিয়ন চিআৰপিএফৰ জোৱানসকলে।