ৰঙিয়াঃ নিজ মাতৃয়ে অৰ্থ উপাৰ্জনৰ বাবে কন্যাক আনৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখিব পাৰে নতুবা কোম্পানীত কাম কৰিব দিব পাৰে। আনৰ ঘৰত কাম কৰিব দি নতুবা কোম্পানীত কাম কৰিব দি মাহেকত অৰ্থ উপাৰ্জন কৰিব পাৰে মাতৃয়ে। ৰাজ্য খনৰ বহু দৰিদ্ৰ পৰিয়ালৰ কন্যাই তেনেদৰে অৰ্থ উপাৰ্জন কৰি পৰিয়ালক সহায় কৰি থকা দেখা যায়৷
কিন্তু বন কৰা ছোৱালী হিচাপে নতুবা কোম্পানীত কাম কৰিব দিয়াৰ পৰিবৰ্তে নিজ কন্যাক দেহ ব্যৱসায়ত জড়িত কৰি ধন উপাৰ্জন কৰি আহিছে ৰাজ্যৰ এগৰাকী মাতৃয়ে৷ মাতৃ-কন্যাৰ সকলো সীমা চেৰাই নিজে তুলি দি আহিছিল বেশ্যা বৃত্তিৰ বলিশালত ১৪ বছৰীয়া কন্যাক৷