কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত দলগত সংঘাত আৰু গোষ্ঠীগত দ্বন্দৰ হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত আইন শৃংখলা পৰিস্থিতি শান্তিপূৰ্ণভাৱে বজাই ৰখাৰ স্বাৰ্থত আজি জিলা দণ্ডাধীশ বিবেকানন্দ চৌধুৰীয়ে সমগ্ৰ কোকৰাঝাৰ জিলাত বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।
জিলাখনত বলৱৎ হোৱা ১৪৪ ধাৰা অনুযায়ী আগতীয়া অনুমতি অবিহনে পাঁচজনতকৈ অধিক ব্যাক্তি একেলগে সমবেত হোৱা, শ্লোগান দিয়া, সভা বা শোভাযাত্ৰা অনুষ্ঠিত কৰা, মটৰ চাইকেলত দুজন উঠা, ফুল মাক্স হেলমেট ব্যৱহাৰ কৰা, মাইক ব্যবহাৰ কৰা, অস্ত্ৰ কঢ়িওৱা, ফটকা ফুটোৱা, জমা ৰখা বা বিক্ৰী কৰা, ধনু কাড় কঢ়িওৱা আদিৰ ক্ষেত্ৰত জিলা দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰিছে।