58
নগাঁওঃ স্বাধীনতা দিৱসকলৈ তৎপৰ হৈ পৰিছে নগাঁও প্ৰশাসন তথা আৰক্ষী৷ বিদ্ৰোহী সংগঠনে সংঘটিত কৰিব পৰা যিকোনো কুটাঘাটমূলক কাৰ্য বিফল কৰিবলৈ সষ্টম হৈ পৰিছে আৰক্ষী৷
এই অনুযায়ী জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰিছে৷ আৰক্ষীয়ে নিয়মীয়া তালাচী, নিশা পহৰাৰ ব্যৱস্থা কৰিছে৷ জিলা প্ৰশাসনে ৰাজহুৱা স্থান, বাছ আস্থান, ৰে’ল ষ্টেছন, বজাৰ আদিত নিৰাপত্তাৰ দিশটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে৷