গুৱাহাটীঃ কঠোৰ শাস্তি ভোগ কৰিলে দৰিদ্ৰৰ মুখৰ আহাৰ চান কাঢ়ি খোৱা বিয়াগোম কেলেংকাৰিৰ নায়কে। আজি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)ৰ গুৱাহাটীৰ আদালতে এহেজাৰ কোটি টকীয়া উত্তৰ কাচাৰ কেলেংকাৰিৰ কে’বাজনো অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে।
ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে কালি কেলেংকাৰিটোৰ অভিয়ুক্তসকল ক্ৰমে ৰেজাউল হুচেইন খান, মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাই আদি ১৪ জনক এন আই এৰ গোচৰত দোষী সাব্যস্ত কৰে। ইয়াক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি জনাকীৰ্ণ পৰিৱেশত আদালতে ৰায়দান কৰি ৰেজাউল হুচেইন খান, মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইক ১০-১২ বছৰকৈ কাৰাদণ্ড বিহে।