৩০ ছেপ্টেম্বৰ, ২০০৮। কৰ্মস্থলীৰ পৰা নিজৰ বাহনেৰে গৃহাভিমুখে আহিছিল ‘হেডলাইনছ টুডে নিউজ’ৰ মহিলা সাংবাদিক সৌম্যা বিশ্বনাথন। তেতিয়া পুৱতি নিশা প্ৰায় ৩.৩০ বাজিছিল। সদাব্যস্ত দক্ষিণ দিল্লী সেই সময়ত নিমাওমাও হৈ পৰিছিল। জনশূন্য ৰাজপথবোৰে কিম্ভূত সৰীসৃপৰ দৰে যেন হৈ গোটেই চহৰখনক মেৰিয়াই ধৰিছিল।
দক্ষিণ দিল্লীৰ নেলছন মেণ্ডেলা মাৰ্গৰ বসন্ত বিহাৰ কলনীৰ স্বগৃহলৈ আৰু মাত্ৰ কেইমিনিটমান থাকোতেই হঠাৎ সৌম্যাৰ গাড়ীৰ ওপৰত আক্ৰমণ চলে অস্ত্রধাৰী দুৰ্বৃত্তৰ এটা দলৰ। ঘটনা তলকিব পৰাৰ পূৰ্বেই গাড়ীৰ আইনা ভেদি সোমাই অহা পিষ্টলৰ গুলীয়ে থকাসৰকা কৰে সৌম্যাৰ শৰীৰ। এই ঘটনাত থিতাতে মৃত্যুক সাবতি লয় ২৫ বছৰীয়া সাংবাদিক সৌম্যা বিশ্বনাথনে।