গুৱাহাটীঃ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত৷ ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰাৰ ৰগতে আৰক্ষীয়ে তৰিছে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ৷ যাৰ ফলত সৃষ্টি হয় উত্তাল পৰিস্থিতিৰ। ঘটনা অনুসৰি যোৱা ৫ নৱেম্বৰত নিশা এগৰাকী যুৱতীক এজন বন্ধুৱে হোষ্টেললৈ থ’ব আহে। উক্ত সময়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ জোৱান এগৰাকীয়ে অশ্লীল ব্যবহাৰ কৰি অপমান কৰে৷
কিন্তু বৃহস্পতিবাৰৰ নিশা ঘটনাটো পোহৰলৈ অহাত একাংশ ছাত্ৰ ছাত্ৰীয়ে ভদীয়া দাস নামৰ নিৰাপত্তাৰক্ষীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে৷ কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অমান্তি হোৱাত উত্তাল হৈ পৰে আৰক্ষা থানা৷ পিছত একো নাই হৈ মুল অভিযুক্ত ভদীয়া দাসৰ বাসগৃহত গৈ লণ্ড ভণ্ড কৰে ছাত্ৰ-ছাত্ৰীয়ে৷