57
ডিজিটেল ডেস্কঃ অমৰনাথত আকৌ ট্ৰেজেডী। যোৱা সপ্তাহত সন্ত্ৰাসবাদীয়ে ৮জন তীৰ্থযাত্ৰীৰ প্ৰাণ লোৱাৰ পিছত এইবাৰ অতি কমেও ১৬ জন যাত্ৰীৰ প্ৰাণ লয় নিয়তিয়ে। দেওবাৰে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এইসকল লোকে।
প্ৰাপ্ত বাতৰি মতে, তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বানিহাল নামৰ ঠাইখনৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দ খাবৱৈত বাগৰি পৰে। ফলত বাছখনত থকা ১৬ জন যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাটোত আহত হয় ৩৫ জনকৈ যাত্ৰী।