ডিজিটেল ডেস্কঃ যোৱা ৩১ মাৰ্চত উৰিষ্যাৰ কটক জিলাৰ টলবস্তা গাঁৱত ১৬ দিনীয়া এটি কেচুৱাক বান্দৰে বিছনাৰ পৰা দাং কোলাকৈ নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেচুৱাটোক মাতৃয়ে বিছনাত শুৱাইলৈ থকাৰ সময়তে বান্দৰে দাঙি নিয়ে৷
কটক জিলাৰ টলবাস্তা গাঁৱৰ এগৰাকী মহিলাই নিজৰ গৃহতেই ১৬ দিন পূৰ্বে জন্ম পোৱা সন্তানৰ সৈতে বিচনাত শুই আছিল৷ সেই সময়ত ঘৰৰ ভিতৰত এটা বান্দৰ প্ৰৱেশ কৰি কেচুৱাটোক কোলাত লৈ পলায়ন কৰে৷ মাতৃয়ে সেই সময়ত একোকে উৱাদিহ নাপালে৷