ডিজিটেল ডেস্কঃ কেৱল কন্যা সন্তানেই নহয়, যৌন নিগ্ৰহৰ পৰা নিস্তাৰ পোৱা নাই সৰু সৰু ল’ৰাবোৰেও। এনে একাধিক ঘটনা বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহি আছে।

ইয়াৰ মাজতে এইবাৰ মুম্বাইত সংঘটিত হৈছে এটি মৰ্মান্তিক ঘটনা। চহৰখনৰ আন্ধেৰীত দলৱদ্ধ ধৰ্ষণৰ বলি হয় দশম শ্ৰেণীৰ এজন ছাত্ৰ। ১৬ বৰ্ষীয় এই ছাত্ৰজনক বলপূৰ্বক পায়ুকামৰ বাবে বাধ্য কৰে ১৫ জনকৈ নাবালকে।

জানিব পৰা মতে, আন্ধেৰীৰ পৌৰসভাৰ এটি গৃহলৈ লৈ ল’ৰাজনক ধৰ্ষণ কৰে ১৫ জনকৈ কিশোৰে। ধৰ্ষণকাৰী কেইজনৰ অধিকাংশই ধৰ্ষিত ছাত্ৰজনৰ স্কুলতে অধ্যয়ন কৰে। বাকীকেইজন হৈছে ধৰ্ষিত ছাত্ৰজনৰ প্ৰতিবেশী।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ধৰ্ষক নাবালক কেইজনৰ ৭জনক গ্ৰেপ্তাৰ কৰিছে। বাককেইজন পলাতক আৱস্থাত আছে। অভিযুক্ত আটাইকেইজনৰে নাম আৰক্ষীক জনাইছে ধৰ্ষিত কিশোৰজনে। ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ।

উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনাইছে যে যিহেতু আটাইকেইজন অভিযুক্ত নাবালক সেয়ে সকলোকে জুভেনাইল আদালতত হাজিৰ কৰোৱা হৈছে।

আদালতে ধৃত আটাইকেইজনকে আৰক্ষীৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলিও জনাইছে আৰক্ষী বিষয়াজনে।

এই ঘটনাৰ পিছতে ধৰ্ষিত ছাত্ৰজন মানসিকভাৱে ভাগি পৰা বুলি জনাইছে আৰক্ষী আৰু পৰিয়ালৰ লোকে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ছাত্ৰজনক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে আভিযুক্ত নাবালককেইজনৰ অধিকাংশই দশম শ্ৰেণীৰ ছাত্ৰ।

যোৱা এবছৰ ধৰি ছাত্ৰকেইজনে বহুতৰে লগত এনে কাৰ্য সংঘটিত কৰি আহিছিল বুলি জানিব পাৰিছে আৰক্ষীয়ে। এতিয়া এই ঘটনা পোহৰলৈ অহাত আটাইকেইজন ছাত্ৰই অনুশোচনাত ভোগা বুলিও জনাইছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, নিজৰ কেৰিয়াৰ আৰু পিতৃ-মাতৃৰ সন্মানৰ কথা ভাবি থানাত হেনো বহুকেইজন অভিযুক্ত ছাত্ৰই উচুপি উঠিছিল।