ডিজিটেল ডেস্কঃ দেশত এতিয়া বিপুল জনপ্ৰিয় অনলাইন শ্বপিং ব্যৱস্থা। বহু লোকে এতিয়া অনলাইন শ্বপিং কৰা দেখা যায়। তাৰ মাজতে ফ্লিপকার্টৰ পৰা এটি চক্ৰই ১৭ লাখ টকা লুটি নিয়াৰ খবৰ পোহৰলৈ আহিছে পশ্চিমবংগত।
নিজকে অনলাইন বিক্রেতা বুলি পৰিচয় দি জালিয়াতিৰে চক্রটোৱে টকা ঘটে। এই কথা পোহৰলৈ অহাৰ পূৰ্বে ফ্লিপকার্টৰ পৰা ১৭ লাখ টকা সৰকাই চক্রটোৰ সদস্যসকলে৷
বাংগালুৰুৰ অনলাইন কমাৰ্চ সংস্থা ফ্লিপকার্টৰ চেলাৰ প্র’টেকছন ফাণ্ড ব্যৱহাৰ কৰিয়ে টকা সৰকাই এই চক্রই। কোনো সামগ্ৰী গ্ৰাহকে উভতাই পাঠিয়ালে, বিক্রেতাৰ ওচৰলৈ নিয়াৰ পথত সামগ্ৰীৰ কোনো ক্ষয়ক্ষতি হলে ক্ষতিপূৰণৰ টকা ক্রেতাক উভতাই দিয়ে ফ্লিপকার্টে। এই আঁচনি সম্পর্কে অৱগত হৈয়ে ফণ্ড পাতে এই চক্ৰটোৱে।
কলিকতাৰ এই চক্রটোৰ সদস্যৰ কোইবাজনেও প্রথমে অনলাইন সামগ্ৰী বিতৰক বিচাপে নিজৰ নিজৰ নাম ফ্লিপকার্টত অন্তৰ্ভুক্ত কৰে। তাৰ পিছত নিজেই সেই বহু সামগ্ৰী ফ্লিপকার্টৰ মাধ্যমেৰে ক্ৰয় কৰে। কিন্তু সামগ্ৰী বেয়া বুলি অভিযোগ দি ওভতাই পঠিয়াই । উভতাই দিয়া সামগ্ৰীৰ মূল্য লাভ কৰে ক্ৰেতাই। এনেদৰেই বহু টকা সৰকাই চক্ৰটোৱে৷
প্রথমে সকলো থিকেই আছিল যদিও কলিকতাত এটাৰ পিছত এটা অর্ডাৰ বাতিলহোৱাত সন্দেহ হয় ফ্লিপকার্ট কৰ্তৃপক্ষৰ। তেতিয়াই সমুখলৈ আহে এই সমস্ত ঘটনা৷