www.newsnextone.com| ওদালগুৰিঃ অহা ১৯ অক্টোবৰত ড্ৰাই দে ঘোষণা কৰিছে ওদালগুৰি জিলা প্ৰশাসনে।

জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস স্বাক্ষৰিত এক জাননী যোগে অহা ১৯ অক্টোবৰত বিজয়া দশমী উপলক্ষে ওদালগুৰি জিলাখনৰ সমূহ সুৰা বিপনী বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত গাওঁ সৰু বিপনীৰ পৰা আৰম্ভ কৰি অনুজ্ঞাপত্ৰ থকা সুৰাৰ বিপনীসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে এই নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰা হ’ব বুলি পত্ৰযোগে সকলো পক্ষক সকিয়াই দিয়ে।