Home ৰাজ্যনগঞাৰ মানসপটত আজিও সজীৱ জুয়ে পোৰা তিৰাশীৰ স্মৃতি

নগঞাৰ মানসপটত আজিও সজীৱ জুয়ে পোৰা তিৰাশীৰ স্মৃতি

by News Desk
71 views
A+A-
Reset

নগাঁওঃ পহিলা মাৰ্চ৷ অসমবাসীৰ বাবে এটি কৰুণ দিন৷ ঘাইকৈ নগাঁওবাসী ৰাইজে কোনো কালে পাহৰিব নোৱাৰা এক বেদনাদায়ক অধ্যায়৷ স্মৰ্তব্য যে, আজিৰ পৰা ৩৪ বছৰ পূৰ্বে ১৯৮৩ ৰ বিদেশী বহিস্কাৰ আন্দোলনৰ নামত পহিলা মাৰ্চৰ দিনটোতে নগাঁৱৰ দক্ষিণ-পশ্চিমাঞ্চলৰ শতাধিক লোকে নিজৰ জন্মভূমিৰ হকে আত্ম বলিদান দিবলগীয়া হৈছিল৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হৈছিল মাতৃভূমি৷ যিসকলৰ অকাল অথচ সকৰুণ মৃত্যুয়ে কাঢ়ি নিলে কাৰোবাৰ শিৰৰ সেন্দুৰ৷ খালি হৈ ৰ’ল বহু মাতৃৰ বুকু ৷ বহু সন্তান হৈ পৰিল পিতৃহাৰা৷

কোৱাটো সমীচিন যে, সময়ৰ সোঁতত সেই দুঃসহ কৰুণ স্মৃতি মচ খাব ধৰিছে যদিও সেই হতভগীয়া পৰিয়ালবোৰৰ লগতে আন বহুজনে কিন্তু সেই ভয়াৱহ দিনটোৰ কথা আজিও পাহৰিব পৰা নাই৷ কলং, কপিলি আৰু বৰপানী নদীত কেঁচা তেজ দি নিজৰ জীৱন আহুতি দি ডিমৌ, ফুলগুৰি, ৰহা, শেতালী, জাগীয়াল, সৰাগাঁও, দীঘলদৰি, কাকতিগাঁও, পেটবঢ়া, বাৰপূজীয়া, গুইমাৰী, কামপুৰ, বেবেজীয়া, লাউপানী, কচুৱা, আমৰলা, ৰাজাগাঁও, শালমৰা আদি গাঁৱৰ সহজ-সৰল শতাধিক লোকে জীৱন বলিদানৰ প্ৰতিদান স্বৰূপে ‘শ্বহীদ’ আখ্যা পালে যদিও সম্প্ৰতি ৰাজ্য চৰকাৰ বা সমাজৰ ভব্য-গব্য লোকসকলে তেওঁলোকৰ প্ৰতি তিলমানো শ্ৰদ্ধা নিবেদিন কৰিবলৈ অলপো আহৰি পোৱা নাই৷ আনকি নেতাসকলে য’তে-ত’তে বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰিলেও দুৰ্ভগীয়া এই ছহিদ পৰিয়ালৰ দুখ-দুৰ্দশাৰ বিষয়ে কিন্তু অলপো নাভাবে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0