কাজিৰঙাঃ গোলাঘাট জিলাৰ খুমটাই আঞ্চলিক সাংবাদিক সংস্থাই জন্ম লাভ কৰা এটা বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে কালি খুমটাই ৰংগমঞ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি বাবুল গগৈ আৰু স্মৃতি তৰ্পন কৰে সংস্থাৰ মুখ্য উপদেষ্টা নবীন গোহাঁইয়ে। প্ৰয়াত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে খুমটাই কলেজৰ অধ্যাপক ডঃ অনন্ত গগৈয়ে। ‘ক’ আৰু ‘খ’ দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে অধ্যাপক ডঃ পৰেশ কলিতাই। দুপৰীয়া খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ উপদেষ্টা বিনয় ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। ৰাজখোৱাই সমাজৰ প্ৰতি সাংবাদিকৰ দায়িত্ব,কৰ্তব্য, জীৱন-জীৱিকা আৰু সাংবাদিকৰ প্ৰতি মালিক পক্ষ আৰু চৰকাৰৰ অনীহাৰ বিষয়ে ভাষণ প্ৰদান কৰে। জাতি ধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি এই বিলৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিবলৈ সকলো দল-সংগঠনৰ লগতে সাংবাদিকসকলকো আহ্বান জনায় ৰাজখোৱাই।