ডিজিটেল ডেস্কঃ কাশ্মীৰত পুনৰ পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ হ’ল মেজৰসহ দুই ভাৰতীয় সেনা। প্ৰাপ্ত বাতৰি মতে, গোপন সূত্ৰৰ খবৰ অনুযায়ী বৃহস্পতিবাৰে নিচেই পুৱাতে দক্ষিণ কাশ্মীৰৰ ছ’পিয়ানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী দলৰ বিৰুদ্ধে অভিযান চলাইছিল সেনাই।
সেনাক প্ৰত্যক্ষ কৰি সন্ত্ৰাসবাদী দলটোৱে গুলী এৰে। লগে লগে দুয়োপক্ষৰ মাজত আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী। এই গুলীয়াগুলীত নিহত হয় দুই সেনা জোৱান। ঘটনাটোত আৰু এজন সেনা জোৱান আহত হোৱা বুলি জানিব পৰা হৈছে।