54
মাৰ্ঘেৰিটাঃ অৰুণাচলত সেনাই অভিযান চলাই দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ অসম ৰাইফলছৰ ডাও ডিভিজনৰ জয়ৰামপুৰস্থিত সেনাই NSCNৰ কেডাৰ দক্ষিণ অৰুণাচল প্ৰদেশৰ চংকিঙত প্ৰৱেশ কৰা বুলি অৱগত হৈ অভিযান চলাই৷
চংকিঙত অভিযান চলাই এন এচ চি এন আৰৰ দুই কেডাৰক আটক কৰিবলৈ সক্ষম হয়। অভিযান কালত সেনাৰ জালত পৰে ছাননং মাছা আৰু জীমৰেবিছ কিমছিং নামৰ দুই যুৱক। সেনাই যুৱক দুজনৰ পৰা এটা পিস্তল, এটা মেগজিন, ছয় জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।