নামতিঃ বিজয়া দশমীৰ উলাহ-মালহৰ মাজতে শিৱসাগৰ জিলাৰ নামদাং নৈত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ মোহন ঘাটোৱাৰ (৪৫)নামৰ ব্যক্তিজনে মাদুৰী চাহ বাগিচাৰ শহুৰেকৰ ঘৰত থাকি পূজা চাবলৈ আহিছিল।
শুকুৰবাৰে নিশা প্রায় ১০ বজাত মোহন ঘাটোৱাৰে শিৱসাগৰ জিলাৰ মেজেঙ্গা কেতেকীবাৰীত পূজা চাই ঘূৰলৈ আহি থকা অৱস্থাত কেতেকীবাৰীৰ নামদাং নৈৰ ওপৰত থকা বাঁহৰ ভগ্ন দলং খনৰ পৰা তলত পৰে। লগে লগে হুৱা-দুৱা লগাত স্থানীয় ৰাইজে বহু চেষ্টা কৰিও ব্যক্তিজনক উদ্ধাৰ কৰিব নোৱাৰিলে।