কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ দৈনিক বজাৰস্থিত শনি মন্দিৰৰ পূজাৰী নিখিল দেৱ নাথক দুৰ্ষ্কৃতিকাৰীয়ে এহছৰ পূৰ্বে হত্যা কৰিছিল৷ হত্যাৰ এবছৰ পিছত সোমবাৰে বিটিচি প্ৰশাসনে নিখিল দেৱ নাথৰ সহধৰ্মিনী সন্ধীয়া দেৱ নাথক দুই লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে। বিটিচি চৰকাৰৰ হৈ বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে শনি মন্দিৰ প্ৰাংগনত উপস্থিত হৈ প্ৰয়াত নিখিল দেৱ নাথৰ সহধৰ্মিনী সন্ধীয়া দেৱ নাথক দুই লাখ টকা প্ৰদান কৰে।
উল্লেখ্য যে, বিগত বৰ্ষত কোকৰাঝাৰ সদৰ চহৰৰ দৈনিক বজাৰৰ শনি মন্দিৰৰ পূজাৰী নিখিল দেৱ নাথক মন্দিৰ প্ৰাংগনতে দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰিছিল আৰু ঘটনাৰ পিছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ঘটনাস্থলীত উপস্থিত হৈ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি ঘোষণা কৰিছিল।