newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপি চৰকাৰৰ পতনৰ পিছতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হৈছে জম্মু কাশ্মীৰত৷ জম্মু কাশ্মীৰত কুলগামত দেওবাৰে পুনৰ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে৷ 

জনিব পৰা মতে, কুলগামৰ চদ্দৰ ভান এলেকাত পহৰাৰত নিৰাপত্তাৰক্ষীৰ দলক হঠাৎ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে৷ তাৰ পিছতে দীৰ্ঘ সময় দুয়োপক্ষৰ মাজত সংঘৰ্ষ লাগে৷ ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়াৰ ফলত নিহত হয় লস্কৰ-ই-তৈবাৰ দুই সদস্য৷ আন এজনে অস্ত্ৰ হাতত লৈ থকা অৱস্থাতে আত্মসমৰ্পণ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷