newsnextone.com | নামতিঃ ৰাজ্যত হত্যা, ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ সময়তে উজনিৰ শিৱসাগৰ জিলাত দুটি কণমানিক অপহৰণৰ কৰি এটি ৰেল ষ্টেচনত আৱদ্ধ কৰি ৰখাৰ খবৰে উজনিৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন৷ উজনিত সক্ৰিয় হৈ থকা বিদ্ৰোহী দমনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখাৰ সময়তে আৰু সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষী গিজগিজাই থকাৰ মাজতে দুটি কিশোৰক বহিঃৰাজ্যলৈ নিয়াৰ উদ্দেশ্যে ৰেলত ভৰাই নি এটি ৰেল ষ্টেচনত ৪৮ ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাৰ ভয়াবহ খবৰ পোহৰলৈ আহিছে৷
অন্ধকাৰ কোঠাত অনাহাৰে সময় কটোৱা দুই শিশুৱে নিজৰ বুদ্ধিৰ বলত পলাই ঘৰলৈ উভতি আহিবলৈ সক্ষম হয়৷ ৰেল লাইনৰ সমীপত খেলি থকা অৱস্থাতে দুটি শিশুক ৰেলত উঠাই লৈ গৈছিল উজনিৰ শিৱসাগৰ জিলাৰ পৰা৷ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ জানিব পৰা মতে, শিৱসাগৰ জিলাৰ নামতিৰ গাহৰিচোৱাবাৰীৰ দুই কিশোৰক অপহৰণ কৰি নিছিল যোৱা ৪ জুনত৷ দৰিদ্ৰ বাবু গগৈৰ ১০ বছৰীয়া পুত্ৰ হীৰেণ গগৈ, ভাস্কৰ গগৈৰ প্ৰথম শ্ৰেণীত পঢ়ি থকা পুত্ৰ জিতু গগৈক ৰেলযোগে অপহৰণৰ কৰি নিয়ে৷