গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীপাৰাত দুগৰাকী কিশোৰী নিৰুদ্দেশ হৈ থকাৰ ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত হাতীপাৰা-ফকিৰপাৰা গাঁৱৰ ফজৰ আলীৰ ১৩ বছৰীয়া কন্যা ছানিয়াৰা খাতুন একেখন গাঁৱৰে আব্দুল মালেকৰ ১৭ বছৰীয়া কন্যা ৰৌশ্বনাৰা খাতুনে যোৱা ২৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
জানিব পৰা মতে, দুয়োগৰাকী কিশোৰীয়েয়ে ২৯ ডিচেম্বৰৰ পুৱা ১১ বজাত ফকিৰপাৰাৰ নিজ ঘৰৰ পৰা মোমায়েকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা আজিলৈকে কিশোৰী দুগৰাকীয়ে ঘৰলৈ উভতি অহা নাই।