newsnextone.com | কোকৰাঝাৰঃ বিটিএডিত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। যোৱা কেইবাটাও দিন ধৰি সেনা-আৰক্ষীয়ে অভিযান চলাই বিটিএডি এলেকাত এনডিএফবিৰ কেডাৰক জালত পেলাই অহাৰ সময়তে বুধবাৰে কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ সৰলভাঙা নৈৰ পাৰত অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ)ৰ নেতাক আটক কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষী।
কোকৰাঝাৰ আৰক্ষী আৰু ১২নং শিখলাই ৰেজিমেণ্টে বুধবাৰে পুৱতি নিশা যৌথ অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ)ৰ নেতাক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে আন এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে।