71
ওৰাংঃ বিটিএডিত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে৷ যোৱা কেইবাটাও দিনৰ ভিতৰত বিটিএডি এলেকাত কেইবাগৰাকী এনডিএফবিৰ কেডাৰ ধৰা পৰাৰ সময়তে ওদালগুৰি জিলাৰ ওৰাঙত শুকুৰবাৰে নিশা সেনা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় দুজন এনডিএফবিৰ কেডাৰ৷
ওৰাং আৰক্ষী আৰু মাজবাটস্থিত সেনাৰ যুটীয়া অভিযানত এনডিএফবি(স)ৰ দুৰ্ধৰ্ষ সদস্য বিশ্বনাথ চাৰিআলিৰ ধাৰ্মিক নাৰ্জাৰী আৰু ঢেকিয়াজুলিৰ প্ৰদীপ দৈমাৰী জালত পৰে৷