Home ৰাজ্যদিহিং নৈৰ পাৰত সেনাৰ অভিযান অব্যাহত, আলফাৰ ২ কেডাৰ নিহত হোৱাৰ সন্দেহ

দিহিং নৈৰ পাৰত সেনাৰ অভিযান অব্যাহত, আলফাৰ ২ কেডাৰ নিহত হোৱাৰ সন্দেহ

by News Desk
61 views
A+A-
Reset

মাৰ্ঘেৰিটা/লিডুঃ দেওবাৰে নিশাৰে পৰা তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বুঢ়ীদিহিং নৈৰ জাগুণ ঘাটত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ সন্দেহজনক আলফা স্বাধীন আৰু সেনাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ লগাৰ পিছৰে পৰা আলফা বিছাৰি সেনাৰ তীব্ৰ অভিযান সোমবাৰে গোটেই দিন অব্যাহত আছে৷ লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং নৈৰ পাৰত দেওবাৰে প্ৰথমে সন্ধিয়া প্ৰায় ৭ বজাত আছাম ৰাইফল আৰু আলফা স্বাধীনৰ কেডাৰৰ মুখামুখি হৈছিল৷

তাৰ পিছতে সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লগাত নিশাৰ আন্ধাৰৰ সুযোগ লৈ আলফাৰ দল পলায়ণ কৰিছিল৷ সংঘৰ্ষৰ পিছৰে পৰা তথা সোমবাৰে পুৱাৰ পৰা অঞ্চলটোত দিহিং নৈৰ দুয়োপাৰে সেনা আৰু আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলে। উগ্ৰপন্থীৰ সন্ধানত সেনাই ড্ৰোন ব্যৱহাৰ কৰে৷ আনহাতে, সেনাক লক্ষ্য কৰি আলফাই মৰ্টাৰেৰে আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে৷ আলফা স্বাধীনৰ ২ কেডাৰ নিহত হোৱাৰ সন্দেহ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0