কাৰ্বি আংলংঃ অহা ২০ জুন বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তিৰ সশ্ৰদ্ধ সোঁৱৰণৰে তেখেতৰ ৫০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হ’ব৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত ব্লক বাকৰিত ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে৷
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পিতাম্বৰ চেতিয়াই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, সাধাৰণ সম্পাদক অৰিন্দম মহন্তই শ্বহীদ তৰ্পণ আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণী কৰাৰ লগতে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰ্জোন হাঞ্চেই বৃক্ষ ৰোপণ কাৰ্যসূচীৰ মুকলি কৰিব৷