নতুন দিল্লী: ক্ষমতাচ্যুত হৈও বিপদমুক্তি হোৱা নাই দুই আপ নেতা মনীষ ছিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈনৰ। পূৰ্বৰ দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ এই দুই মন্ত্ৰীৰ বিৰুদ্ধে পূৰ্বে উত্থাপিত হৈছিল সুৰা কেলেংকাৰীৰ অভিযোগ। এই অভিযোগত দীৰ্ঘসময় কাৰাবাসো খাটিবলগীয়া হৈছিল দুয়োজনে। কিন্তু এইবাৰ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ নামত ২০০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত নাম সাঙোৰ খাই পৰিছে মনীষ ছিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈনৰ।
দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই এই দুগৰাকী নেতাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ লগতে সক্ৰিয় তদন্ত আৰম্ভ কৰিছে। এই গোচৰত এজন অচিনাক্ত চৰকাৰী বিষয়া আৰু এজন ঠিকাদাৰো জড়িত বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে, কেজৰিৱাল চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। আনহাতে সত্যেন্দ্ৰ জৈন আছিল ৰাজহুৱা কাম-কাজ বিভাগৰ দায়িত্বত। এই বিভাগৰ অধীনত চৰকাৰী বিদ্যালয় আৰু অট্টালিকা নিৰ্মাণৰ কাম কৰা হৈছিল।