সময় তেতিয়া দুপৰীয়া। দুই সন্তান আৰু পৰিয়ালৰ আন সদস্যৰ বাবে তেতিয়া দুপৰীয়াৰ আহাৰৰ প্ৰস্তুতিত ব্যস্ত আছিল ফাতিমা আল শ্বেখ। একেবাৰে সাধাৰণ দিন এটাৰ দৰেই আছিল সেই দিনটোও। অৱশ্যে পুৱাৰে পৰা টিভিত চলি আছিল দুৰ্যোগৰ খবৰ। কিন্তু ফাতিমাই এবাৰলৈও ভবা নাছিল সেই দুৰ্যোগেই তছনছ কৰি থৈ যাব তেওঁ আলফুলে সজোৱা সপোনৰ ঘৰখনো!
বাহিৰত যেতিয়া ফাতিমাই পানীৰ লহৰৰ শব্দ শুনিছিল, দৌৰি গৈ খিৰিকীৰ কাষ পাইছিল। দেখিছিল, সকলো এফালৰ পৰা মষিমূৰ কৰি এখন উন্মাদ নদী তেওঁলোকৰ ঘৰৰ দিশেই বৈ আহিছে। ফাতিমাই খিৰিকী কাষৰ পৰা দৌৰি দুপৰীয়াৰ আহাৰৰ বাবে আহি ডাইনিং টেবুলত বহি থকা ল’ৰা দুটাক বুকুৰ মাজত সুমুৱাই লৈছিল।