Home দেশ২০১৯ বৰ্ষৰ সাধাৰণ বাজেট তালিকা

২০১৯ বৰ্ষৰ সাধাৰণ বাজেট তালিকা

by News Desk
A+A-
Reset
14895084-da21-4473-95ec-92a10e810dcc

নতুন দিল্লীঃ সদনত আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত অন্তৰ্ভুক্ত কৰ কিছু তথ্য

*  পুৰণি পৰম্পৰা ভংগ কৰি নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট।
*  এইবাৰ ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ আহিছে সীতাৰমনে।
*  সলনি হ’ল বাজেটৰ নাম। বাজেটক ‘দেশ কা বহীখাতা’ বুলি উল্লেখ।
*  ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য কেন্দ্ৰৰ।
*  এক দেশ এক গ্ৰীডৰ জৰিয়তে সকলো ৰাজ্যলৈ সুলভ বিজুলীৰ ব্যৱস্থা।
*  সকলো ৰাজ্যই উচিত মূল্যত সকলো সময়তে বিজুলী লাভ কৰিব।
*  ৰে’লৱেৰ বিকাশৰ বাবে বাজেটত গুৰুত্ব।
*  পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
*  দেশত ৬৫৭ কিলোমিটাৰ মেট্ৰ’ সেৱা আৰম্ভ।
*  ৩০০ কিলোমিটাৰ নতুন মেট্ৰ’ প্ৰকল্পত অনুমোদন।
*  দেশৰ ভিতৰত জলপথ আৰম্ভ কৰাৰ পৰিকল্পনা চৰকাৰৰ।
*  ইলেকট্ৰনিক বাহনক গুৰুত্ব প্ৰদান বাজেটত।
*  ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্মত গুৰুত্ব সাধাৰণ বাজেটত।
*  ৱান নেশ্যন, ৱান গ্ৰীড’ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত।
*  ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা।
*  পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
*  নেচনেল ট্ৰান্সপ’ৰ্ট কাৰ্ডৰ ঘোষণা বাজেটত। ৰে’লৱে আৰু বাছত ব্যৱহাৰ কৰা হ’ব এই কাৰ্ড।
*  বীমা ক্ষেত্ৰত ১০০ শতাংশ FDIত গুৰুত্ব বাজেটত।
*  ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব পেঞ্চন, ৫৯ মিনিটতে হ’ব ঋণ মঞ্জুৰি।
*  এনিমেচন কোম্পানীৰ ক্ষেত্ৰত FDI বৃদ্ধি হ’ব।
*  ৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা।
*  ২০২২ চনলৈ সকলো গাঁৱলৈ বিদ্যুৎ যোগানৰ লক্ষ্য।
*  উজ্জ্বলা আঁচনি আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে পৰিৱৰ্তনৰ লক্ষ্য।
*  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সকলো দৰিদ্ৰ পৰিয়াললৈ ঘৰ।
*  সকলো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য।
*  ১.৯৫ কোটি দৰিদ্ৰ পৰিয়ালক দিয়া হ’ব ঘৰ।
*  শিক্ষা নীতিৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধান প্ৰতিষ্ঠান স্থাপনৰ ঘোষণা।
*  উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ৪০০ কোটি টকাৰ সাহায্য প্ৰদান কৰিব কেন্দ্ৰই।
*  বিদেশী ছাত্ৰৰ বাবে ‘ষ্টাডী ইন ইণ্ডিয়া’ প্ৰ’গ্ৰামৰ ব্যৱস্থা কৰা হ’ব।
*  প্ৰবাসী ভাৰতীয়ৰ বাবে বিনিয়োগৰ পথ সহজসাধ্য কৰাৰ চেষ্টা।
*  নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান।
*  জন ধন একাউণ্টধাৰী মহিলাক ৫০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা।
*  মহিলাৰ বাবে পৃথকে এক লাখ টকাৰ মুদ্ৰা লোণৰ ব্যৱস্থা কৰা হ’ব।
*  হাউছিং ফাইনেঞ্চ কোম্পানী এতিয়া RBI ৰ অধীনত।
*  ৪০০ কোটি টকালৈ টাৰ্ণঅভাৰৰ কোম্পানীক কৰ ৰেহাই।
*  ৪৫ লাখ টকাৰ ঘৰ কিনিলে অতিৰিক্ত ১.৫ লাখ টকাৰ ৰেহাই।
*  বেংকৰ পৰা অধিক ধন উলিয়ালে লাগিব কৰ।
*  বছৰত ১ কোটিৰ অধিক ধন উলিয়ালে দিব লাগিব ২ শতাংশ TDS।
*  সোণ, পেট্ৰ’ল, ডিজেল, ধঁপাতৰ দাম বৃদ্ধি।
*  সোণ আৰু মূল্যৱান ধাতুৰ উৎপাদন শুল্ক ১০ৰ পৰা ১২.৫ শতাংশলৈ বৃদ্ধি।
*  পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ১–১ টকাৰ অতিৰিক্ত উপকৰ।
*  ২ ৰপৰা ৫ কোটিৰ আয়ত ৩ শতাংশ অতিৰিক্ত কৰ।
*  ২.৫ লাখ টকালৈ ইলেকট্ৰিক বাহন ক্ৰয়ত ৰেহাই।
*  ই–বাহনৰ GST ১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
*  ১ৰপৰা ২০ টকালৈ নতুন মুদ্ৰা ঘোষণা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0