ডিব্ৰুগড়/তিনিচুকীয়াঃ যোৱা ৯টা দিনেই ৰাজ্যৰ বিয়াগোম গৃহ বিভাগে এগৰাকী লোকৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৰ্ধসামৰিক, আৰক্ষীয়ে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰীৰ পৰা ৰাজ্য খনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যৰ দল-সংগঠনক ক্ষোভিত কৰি তুলিছে৷ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰশাসনৰ ভূমিকাত সন্দিহান হৈ পৰিছে ৰাজ্যবাসী৷

আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু আছিল ৰেৱতী ফুকন৷ ৰাজ্যৰ দল-সংগঠনে শীঘ্ৰে ৰেৱতী ফুকনক বিচাৰি উলিয়াবলৈ দাবী জনাই আহিছে যদিও এতিয়ালৈ কোনো শুংসুত্ৰ নাই ৰেৱতী ফুকনৰ৷ 

ৰাজ্য চৰকাৰক গৃহ বিভাগক ব্যৰ্থ আখ্যা দি দেওবাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰল প্ৰতিকৃতি দাহ কৰে৷ সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ নিৰুদ্দেশৰ ঘটনাক গুৰুত্ব সহকাৰে নোলোৱা বুলি অভিযোগ উত্থাপন কৰে৷ 

গৃহ বিভাগক চৰম ব্যৰ্থ আখ্যা দি যোৱা ৯টা দিনে এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাটো এখন চৰকাৰৰ বাবে লজ্জাৰ বিষয় বুলি কয় সংগঠনটোৰে সভাপতি যুগল বৰুৱাই৷ আনহাতে সংগঠনটোৰে তিনিচিুকীয়া জিলা সমিতিয়ে সোমবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহে৷

জিলা খনৰ পানীতোলাত সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজ পথত চৰকাৰৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে৷ ৰেৱতী ফুকনক বিচাৰি উলিয়াব নোৱাৰাৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে সংগঠনটোৱে। পানীতোলা বজাৰ বন্ধ কৰি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত উত্তেজনাই বিৰাজ কৰিছে পানীতোলাত৷

জানিব পৰা মতে, ৰেৱতী ফুকনে যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল যঠেষ্ঠ চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমালৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে । তিনিচুকীয়াৰ পৰা মঙলবাৰে পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷