ডিব্ৰুগড়/তিনিচুকীয়াঃ যোৱা ৯টা দিনেই ৰাজ্যৰ বিয়াগোম গৃহ বিভাগে এগৰাকী লোকৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৰ্ধসামৰিক, আৰক্ষীয়ে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰীৰ পৰা ৰাজ্য খনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যৰ দল-সংগঠনক ক্ষোভিত কৰি তুলিছে৷ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰশাসনৰ ভূমিকাত সন্দিহান হৈ পৰিছে ৰাজ্যবাসী৷
আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু আছিল ৰেৱতী ফুকন৷ ৰাজ্যৰ দল-সংগঠনে শীঘ্ৰে ৰেৱতী ফুকনক বিচাৰি উলিয়াবলৈ দাবী জনাই আহিছে যদিও এতিয়ালৈ কোনো শুংসুত্ৰ নাই ৰেৱতী ফুকনৰ৷