ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ ইংগিততে নিৰ্ধাৰিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্ত্তীৰ্ণৰ হাৰ ৷ বিধানসভাৰ বিশেষ অধিৱেশনত আজি এনে এক মন্তব্য কৰে স্বয়ং ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ পুতৌলগা উৰ্ত্তীৰ্ণৰ হাৰ এনেদৰেই শিক্ষামন্ত্ৰীৰ আঙুলিৰ ঠাঁৰতে হৈ পৰে সাফল্যৰ বতৰা৷
এইবাৰ উৰ্ত্তীৰ্ণৰ হাৰ কিমান ৰাখিম বুলি এনেদৰে এইবাৰো অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষই সোধা বুলি জনাই বিধানসভাৰ মজিয়াত সকলোকে স্তম্ভিত কৰি তোলে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ এনেদৰেই ৰাজ্যবাসীক আভুৱা ভাঁৰি আহিছে শিক্ষা বিভাগে৷ কিয়নো কেৱল ২২-২৩ শতাংশ ছাত্ৰ-ছাত্ৰীহে দৰাচলতে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ কৰে৷