ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ ইংগিততে নিৰ্ধাৰিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্ত্তীৰ্ণৰ হাৰ ৷ বিধানসভাৰ বিশেষ অধিৱেশনত আজি এনে এক মন্তব্য কৰে স্বয়ং ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ পুতৌলগা উৰ্ত্তীৰ্ণৰ হাৰ এনেদৰেই শিক্ষামন্ত্ৰীৰ আঙুলিৰ ঠাঁৰতে হৈ পৰে সাফল্যৰ বতৰা৷ 

এইবাৰ উৰ্ত্তীৰ্ণৰ হাৰ কিমান ৰাখিম বুলি এনেদৰে এইবাৰো অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষই সোধা বুলি জনাই বিধানসভাৰ মজিয়াত সকলোকে স্তম্ভিত কৰি তোলে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ এনেদৰেই ৰাজ্যবাসীক আভুৱা ভাঁৰি আহিছে শিক্ষা বিভাগে৷ কিয়নো কেৱল ২২-২৩ শতাংশ ছাত্ৰ-ছাত্ৰীহে দৰাচলতে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ কৰে৷  

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰেছ মাৰ্ক নাপালে ৬৫ শতাংশ  ছাত্ৰ-ছাত্ৰীয়ে পাৰ হ'ব নোৱাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা ৷ ২০০১ চনৰপৰা শিক্ষাৰ সাফল্যৰ আঁৰত  মেকিং চলি অহা বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। অসমত উক্ত বৰ্ষৰ পৰাই গ্ৰেছ মাৰ্ক দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি জনায় হিমন্তই।   

এইবাৰ শিক্ষা বিভাগৰ দায়িত্ব গ্ৰহণৰ লগে লগে পৰীক্ষাৰ নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি বিধানসভাৰ মজিয়াত মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। অথচ তেৱোঁ কংগ্ৰেছৰ দিনটো  শিক্ষামন্ত্ৰীৰূপে দায়িত্ব পালন কৰিছিল।

শিক্ষামন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতেই তোলপাৰ লাগিছে সচেতন মহলত ৷ পৰিকল্পিত ফলাফলেৰে শিক্ষা ব্যৱস্থা চলা অসমত জাতিটোৰ ভৱিষ্যত কি সেই কথাক লৈ সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে৷