নতুন দিল্লীঃ দেশত লকডাউনৰ তৃতীয় পৰ্যায়ৰ কথা ঘোষণা কৰাৰ সময়তে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩৭ হাজাৰৰো অধিক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী আজি পুৱাৰ ভাগলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩৭ হাজাৰ ৩৩৬ জন। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,২৯৩ জন। এয়া হৈছে বিগত কেইদিনত ২৪ ঘণ্টাত হোৱা সৰ্বাধিক সংক্ৰমণ।

আনহাতে মৃ্ত্যুৰ সংখ্যা ক্ৰমাৎ বাঢ়িয়েই আছে। বৰ্তমান দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১২১৮ জন। যোৱা ২৪ ঘণ্টাতেই মৃত্যু ঘটিছে ৭১ জনকৈ লোকৰ। একেদৰে এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ৯,৯৫১ জন।

দেশৰ ভিতৰত পৰিস্থিতি সকলোতকৈ ভয়াৱহ হৈ পৰিছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লীত। এই তিনিখন ৰাজ্যত সংক্ৰমণৰ লগতে মৃত্যুও তীব্ৰ গতিত উৰ্ধগামী হৈছে। মহাৰাষ্ট্ৰত ইতিমধ্যে আক্ৰান্ত হৈছে ১১ হাজাৰ ৫০৬ জন, মৃত্যু হৈছে ৪৮৫ জনৰ। দ্বিতীয় স্থানত থকা গুজৰাটত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,৭২১ আৰু মৃত্যু ঘটিছে ২৩৬ জনৰ।


পঢ়ক ►৩ মে'ৰ পিছত দেশত ভয়াৱহ হাৰত বাঢ়িব নেকি কৰ'না আক্ৰান্তৰ সংখ্যা?


ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীত আক্ৰান্ত হৈছে ৩,৭৩৮ গৰাকী লোকৰ। এক সূত্ৰৰ খবৰ অনুযায়ী দিল্লীত শুকুৰবাৰৰ দিনটোত আৰু ৬৮ জনকৈ চিআৰপিএফ জোৱান কৰ’নাত আক্ৰান্ত হৈছে। দিল্লীৰ পিছতে চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে মধ্যপ্ৰদেশ আৰু ৰাজস্থান। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতো পৰিস্থিতি ক্ৰমাৎ অৱনমিত হোৱা দেখা গৈছে।